Asamiya Sanskritik Shabdakosh
			 
		 
	
			
		
	
			
		
				
					
			সংস্কৃতিৰ এক অৱিচ্ছেদ্য অংগ হৈছে আভৰণ ৱা সাজ-পাৰ । জাতি এটাই ব্যৱহাৰ কৰা সাজ-পাৰ আৰু তাৰ উপকৰণত উক্ত ঠাইৰ ভৌগলিক প্ৰভাৱ, জাতিটৌৰ সৌন্দৰ্য্যপিপাসু মন আৰু ক্ৰমাগত উত্তৰণৰ এখন পৰিস্কাৰ ছবি প্ৰতিফলিত হয় । তদুপৰি সাজপোছাক সামাজিক স্থিতি, জাতি-জনজাতি, বিৱাহিত-অবিবাহিত, বয়স, লিংগ তথা ধৰ্মৰ ভিন্নতাৰো সূচক । ধাৰ্মিক আৰু সামাজিক জীৱনৰ লগতো সাজ-পাৰৰ ৱিশেষ সম্বন্ধ আছে । পূজা পাঠত পূজাৰী আৰু সেৱকে নতুন পাটৰ কাপোৰ বা ধৌত-বস্ত্ৰ পৰিধান কৰিব লাগে । মন্ত্ৰ সাধনাৰ পূজা-অৰ্চনাত ৰঙা কাপোৰ পিন্ধাৰ নিয়ম । বিবাহ আদি অনুষ্ঠানত দৰা-কইনাই পৰম্পৰাগত পোহাক পিন্ধাৰ নিয়ম অতি প্ৰাচীন গুৰু, গোসাঁই অথৱা নামঘৰত সেৰা জনালে কান্ধত চাদৰ বা গলবস্ত্ৰ লোৱাৰ প্ৰথা আছে । সৌ সিদিনালৌকে তিৰোতামানুহে জ্যেষ্ঠজনৰ আগলৈ ওলাওঁতে চাদৰখনেৰে শিৰভাগ ঢাকি ওলোৱাৰ প্ৰথা আছিল । এটা জাতিৰ বা ব্যক্তিবিশেষৰ ৰুচি, ব্যক্তিত্ৱ, শ্লীলতা, আৰ্থিক অৱস্থা, সমাজস্ৱীকৃত স্থান আৰু সৌন্দৰ্য্যপ্ৰিয়তাৰ নিদৰ্শক ৰূপে সাজপাৰে প্ৰথান ভূমিকা পালন কৰা দেখা যায় । আহোম যুগৰ পৰা অসমীয়া সাজ-পাৰত ৱিদেশী প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত । সম্ভৰতঃ সী লোৱা বস্ত্ৰৰ ব্যাপক প্ৰচলন সেই সময়ৰ পৰাই হয় । চোলা (চোলক), এঙা চোলা (অঙ্গিকা), জামা, চৌগা-চাপকন, ঘাগ্ৰা (সুত্ৰধাৰীৰ বেশ), জোতা – এইবোৰ ঘাৰ্হকৈ আহোম-মোগলৰ দিনৰ পৰা চলি অহা সাজ-পাৰ । বৃটিছ আমোলত ইউৰোপীয় পোছাকৰ প্ৰচলন হল । লগে লগে ইউৰোপীয়, মোগল, ভাৰতীয় এই তিনিও শ্ৰেণীৰ সাজ-পাৰৰ অদ্ভূত সংমিশ্ৰণো ঘাটিল । যোৰা দ্ৱিতীয় মহাসমৰৰ পিছত অসমলৈ অহা ইউৰোপ আৰু আমেৰিকাৰ লোকসকলে অভিনৱ পোছাক আৰু তাক পিন্ধাৰ নতুন ৰীতিও এৰি থৈ গল । পুৰুষৰ পেন্ট-চাট, কোট, পেটলুং, টাই আৰু মহিলাই পিন্ধা ফ্ৰক, গাউন, স্কাট, ব্নাউজ আদি তেতিয়াৰ পৰাই সৰাই সৰবৰাহী হৈ উঠিল । তলত অসমীয়া সাজ-পাৰৰ মূল আধাৰ কাপোৰৰ গাঠনিক দিশসমূহ আৰু তাৰ পাছত বিডিন্ন নামৰ সাজপোছাকৰ বিৱৰণ বর্ণানুক্রমিকভাৱে দিয়া হৈছে । লগতে নামবোৰৰ লগত সংশ্লিষ্ট যুৰীয়া শব্দ, জতুৱা ঠাঁচ, খণ্ডবাক্য, প্ৰবচন আৰু লোকবিশ্ৱাস সম্পৰ্কেও সম্যক আভাস দিয়া হৈছে ।			
		
		 
		
	
	
	
			
			
		
			
	 
 
	
	
	
				
		
					
			অসমীয়া কাপোৰৰ গাঠনিক প্ৰকাৰভেদ			
		
		 
				
					
			অসমীয়া সাজ-পাৰ বিলাক বিডিন্ন ৰকমৰ সূতাৰে তৈয়াৰী কাপোৰ বা বস্ত্ৰৰ পৰা তৈয়াৰ কৰা হয় । - (ক) এৰী কাপোৰ : এই কাপোৰ এৰী সূতাৰে বৈ উলিওৱা হয় । এৰী সূতা এৰী পলুৰ পৰা উৎপন্ন হয়।ক এই পলুৱে এৰাগছ আৰু কেচেৰু গচৰ পাত খায় আৰু ডাঙৰ হলে মুখেৰে একপ্ৰকাৰ বিজলুৱা ৰস উলিয়াই নিজৰ শৰীৰৰ চাৰিওফালে এটা আঁহৰ আৱৰণ তৈয়াৰ কৰি নিজে ভিতৰত সোমাই থাকে । এই আবৰণচৌক লেটা বোলে । মানুহে এই লেটা উতলা পানীত দি পলুটো মাৰে আৰু লেটাটো টান কৰে । এই লেটাৰ পৰাই চৈকুৰি আদিৰে সূতা কাটা হয় । এৰী সূতাত ঘথেষ্ট আঁহ থাকে আৰু ই সহজে নিচিঙে । এৰী সূতাৰে এৰী বা এৰীয়া চাদৰ বোৱা হয় । এই চাদৰ সাধাৰণতে ঠাণ্ডা বা জাৰৰ পৰা ৰক্ষা । পাবলৈ ব্যৱহাৰ কৰা হয় । এই কাপোৰৰ পৰা চোলা চিলাই কৰিও পিন্ধা দেখা যায় । (খ) কপাহী কাপোৰ : এইবিধ কাপোৰ কপাহৰ পৰা সূতা কাটি বৈ উলিওৱা হয় । গছৰ পৰা কপাহৰ গুটি চিঙি আনি, নেওঠনীৰে গুটিৰ পৰা কপাহৰ আঁহবোৰ পৃথক কৰা হয় । গুটিবিহীন কপাহৰ আঁহবোৰৰ পাঁজি বাটি তাৰপৰা সূতা কটা হয় । সূতা কাটিবলৈ অসমত যঁতৰ আৰু টাকুৰি - এই দুবিধ আহিলা ব্য়ৱহাৰ কৰা দেথা যায় । এই সূতাৰ পৰা তাঁতশালত যি বিধ কাপোৰ বৈ উলিওৱা হয় তাক কপাহী কাপোৰ বুলি কোৱা হয়। আজিকালি যন্ত্ৰৰ সহায়ত কপাহী সূতা কটা আৰু কাপোৰ বোৱা হয় । (গ) কবচ কাপোৰ : কবচ কাপোৰৰ উল্লেখ অসম বুৰঞ্জীত পোৱা যায় । আহোম ৰমণীসকলে তেওঁলোকৰ পতিদেৱতাক যুঁজলৈ যাওঁতে পিন্ধি যাব পৰাকৈ এখন কাপোৰ বিশেষ ধৰণে বৈ এটা চোলা তৈয়াৰ কৰি দিছিল । এইথন কাপোৰকে কবচ কাপোৰ বুলিছিল । এই কবচ কাপোৰৰ চোলা পিন্ধিলে যুদ্ধৰ পৰা নিৰাপদে উভতি আহিব পাৰে বুলি বিশ্ৱাস আছিল । এই কবচ কাপোৰখনৰ সকলো কাম একে ৰাতিৰ ডিতৰতে সমাধা কৰিব লাগিছিল । কপাহ ধুনি, পাজিবাটি, সূতা কাটি তাৰ পৰা কাপোৰ বৈ উলিওৱালৈকে এই সমস্ত কাম একে ৰাতিৰ ভিতৰতে আহোম ৰমণীয়ে সমাধা কৰিছিল । ইয়ে প্ৰমাণ কৰে যে বোৱা কটা কাৰ্য্যত আহোম ৰমণীসকল বৰ পটু আছিল । কৱচ কাপোৰৰ লগত এটা বুৰঞ্জীমূলক কাহিনী জড়িত হৈ আছে । আহোম বীৰ চাও ফ্ৰাচেংমুং বৰগোঁহাই তুৰ্বকৰ লগত যুঁজ দি নিহত হ'ল । তেওঁৰ পত্নী মূলাগাভৰুৱে ভাৱিলে যে তেওঁ একে ৰাতিৰ ভিতৰতে কবচ কাপোৰ বৈ দিব নোৱাৰা বাবোহে তেওঁৰ স্ৱামীৰ মৃত্যু হ'ল । পিছদিনা তেওঁ নিজে ঘোঁৰাত উঠি তুৰ্বকৰ লগত সাহসেৰে যুদ্ধ কৰি মত্যু বৰণ কৰিলে । মূলা গাভৰু অসমীয়া বীৰংগনা সকলৰ মাজত জাকতজিলিকা নাম । (ছ) কবৰী-জাল : অসমীয়া মহিলাসকলে খোপাত মেৰিয়াই লবৰ বাবে এক বিশেষ ধৰণেৰে গুঠা জাল ব্যৱহাৰ কৰিছিল । এই জালত মপি আদি যুক্ত কৰি খোপাৰ সৌন্দৰ্য্য় বৃদ্ধি কৰিছিল । আজিকালি এনেকুৱা জাল বজাৰত সুলভ মূল্যত পোৱা যায় । (ঙ) পাট কাপোৰ : এইবিধ কাপোৰ পাটপলুৰ লেটাৰ পৰা উৎপন্ন হোৱা সূতাৰে বৈ উলিওৱা হয়। এইবিধ পলুৱে নুনী গছৰ পাত খায় । এই পলুৱে এৰীপলুৰ নিচিনাকৈ লেটা পকায় আৰু তাৰে পৰাই পাট সূতা কটা হয় । এই সূতাৰ বৰণ ৰূপালী । এই সূতাৰ পৰা মেথেলা, চাদৰ, ৰিহা আৰু চাপকণ জাতীয় চোলা তৈয়াৰ কৰা হয়। পাট কাপোৰ পৰিধান কৰাটো মৰ্যদাৰ সূচক (চ) মুগা কাপোৰ: মুগা কাপোৰ মুগাপলুৰ পৰা আহৰণ কৰা মুগা সূতাৰে বৈ উলিওৱা হয়। মুগা পলুৱে চোম, সোঁৱালু বা দীঘলতি গছৰ পাত খায়। এই পলুরে যি সূতা উৎপন্ন কৰে তাৰ বৰণ সোণালী ৰঙৰ হয়। অসমত উৎপন্ন হোৱা মুগা অনন্য। এনে কেচাঁ সোণৰ দৰে উজ্জ্বল ৰঙৰ মুগা ভাৰতবৰ্ষৰ ক'তো পোৱা নাযায়। এক বিশেষ ধৰণৰ আহিলাৰে এই সূতা কটা হয়। মুগা সূতাৰে মেখেলা-চাদৰ বৈ উলিওৱা হয়। এনে মেখেলা বা চাদৰক মুগা – মেখেলা বা মুগা – চাদৰ বোলা হয় । এই সূতাৰে বৈ উলিওৱা ৰিহাক মুগা – ৰিহা বোলা হয় । চাপকন জাতীয় চোলাও মূগা সূতাৰে তৈয়াৰ কৰা হয় । আহোম ৰাজত্ৱত মুগা খেতিৰ ওপৰত ৰাজকীয়ভাৱে জোৰ দিয়া হৈছিল । আহোমসকলৰ মাজত থকা চোমদাৰ, মুগাচুঙীয়া আদি খেলবোৰ তাৰেই জ্ৱলন্ত উদাহৰণ । (ছ) মেজাংকৰী আৰু চঁপাপতীয়া কাপোৰ : মুগা পলু চোম, সাৱালু, দীঘলতি, আদি গছত নেমেলি মেজাংকৰী আৰু পাটচঁপা গছত মেলিলে ইয়াৰ পৰা বিশেষ ধৰণৰ সূতা পাব পাৰি । মুগা পলু পাটঢঁপা গছত পুহিলে ইয়াৰ সূতাবোৰ মিহি আৰু চিকচিকীয়া বগা পাট সূতাৰ দৰে হয় । এনে সূতাৰে বোৱা কাপোৰক চঁপাপতীয়া কাপোৰ বোলে সেইদৰে মুগাপলু মেজাংকৰী গছত পুহিলে তাৰ সূতা উজ্ৱল সোণ বৰণীয়া হয় । এনে সূতাৰ কাপোৰক মেজাংকৰী কাপোৰ বোলে । মেজাংকৰী গছক আদাকৰি গছো বোলে । মেজাংকৰী আৰু চঁপাপতীয়া গছ টিংখাং, ৰাজগড়, ৰাঙলীৱন আদিতহে প্ৰচুৰ পৰিমাণে পোৱা গৈছিল । সেয়েছে এই ঠাইবিলাকত অধিক পৰিমাণে মেজাংকৰী আৰু চঁপাপতীয়া কাপোৰ উৎপন্ন হৈছিল । বোৱনীয়ে চঁপাপতীয়া আৰু মেজাংকৰী কাপোৰত গুণাৰ ফুল বাচি লৈছিল । এই কাপোৰৰ সৌন্দৰ্য্য অনুপম বাবে ৰজাঘৰীয় আৰু আচ্যৱন্ত পৰিয়ালৰ মানুহেহে সাধাৰণতে এই কাপোৰ ব্যৱহাৰ কৰিছিল ।			
		
		 
					
						
						
			1. কাপোৰ – কানি 2. চোলা – কাপোৰ			
		
		 
						
						
			1. কাপোৰ এচাৰাদি এচাৰা : জোৰেৰে মাটিত আচাৰি মাৰধৰ কৰা 2. কাপোৰে কানিয়ে যোৱা : পাতল শৌচ কৰা			
		
		 
						
						
			আছে কাপোৰ আছে জাৰ, নাই কাপোৰ নাই জাৰ । [যিটো বস্তু নাই সেই বস্তুৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নহয় ।], আউসীত বাটে, পূৰ্ণিমাত কাটে ; সেইখন কাপোৰ, গোঁসাইলে লাগে । [শুভ তিথি বাৰ চাই কৰা কামৰ সুফল পোৰা যায় ।], ভাল কাপোৰ নষ্ট হয় নিতে ল'লে জাপত, পো নষ্ট হয় যদি নোপোছে বাপত । [ডাঙৰ মানুহৰ কথা নামানিলে পতনৰ ভয় থাকে ।], গাত নাই কাপোৰ কানি ; চুটীয় শালিকাই লৈ যায় টানি । [দৰিদ্ৰজনক সকলোৱে লেই, চেই চেই কৰে ।]			
		
		 
			
	
	
	
			
			
		
			
	 
 
	
	
	
				
		
					
			মূৰত পিন্ধা আভৰণ - আঢ়ৈহতীয়া			
		
		 
				
					
			ই নামনি অসম অঞ্চলৰ বয়সীয়া তিৰোতাই আবুৰ ৰক্ষা কৰি মূৰ ঢাকি লোৱা সৰু চাদৰ । ই দীঘলে দুই হাতৰ পৰা আঢ়ৈহাতলৈ থাকে । সেয়ে ইয়াক দুইহতীয়া বা আঢ়ৈহতীয়া বুলিও কয় । ঘৰৰ কাম কাজ কৰা সময়ত অথবা গৰু- ছাগলী বিচাৰি নঙলাৰ বাহিৰলৈ ওলালে বয়সীয়া তিৰোতাসকলে বুকুত মেথনি বান্দি লোৱা মেখেলাৰ লগত চাদৰ নিপিন্ধি মূৰত এই সৰু চাডৰখন লৈ মূৰটো ঢাকি বাখে। চাডৰখনৰ দুয়োটা আঁচল পিঠিৰ ফালে পৰি থাকে। আঢৈহতীয়াথন মাইকীমানুহৰ আবুৰ বা সম্ভ্ৰম ৰক্ষা কৰাৰ প্ৰতীক হিচাপেহে মূৰত লোৱা হয়। আজিকালি ইয়াৰ ব্যৱহাৰ লাহে কমি আহিছে। বয়সীয়া তিৰোতায়ো মেখেলা আৰু ব্লাউজৰ ওপৰত মেৰিয়াই নিয়মিত দীঘলীয়া চাদৰকে পৰিধান কৰে।			
		
		 
					
							
			নামনিত এনে চাদৰক পাত্নী বুলিও কয়।			
		
		 
						
						
			মুৰত মথুৰা পাগ : সম্ভ্ৰান্ত, অভিজাত			
		
		 
						
						
			নীচলোকে উচ্চপদ পাই, টেৰীয়াকৈ পাগ মাৰি ঘূৰি ঘূৰি চায়। [ যি যিমানৰ মানুহ সি সিমানত থকাই ভাল। ] থুৰীয়া দিলে লাখৰ বাখৰ, মান দিলে কাঁহৰ দৰাটোৰ পাগুৰি চোৱা টঙলুৱা বাহৰ। [ দৰাৰ মূৰৰ পাগক হেয় প্ৰতিপন্ন কৰা ]			
		
		 
						
					
			পাগুৰিৰ আকৃতি প্ৰকৃতিৰ বিবিধতা লক্ষণীয়। বিষয়া সকলৰ বাহিৰেও সৈনিকসকলে মূৰত গামোচাখন পাগুৰিৰ দৰে ৱান্ধি পোৱাৰ কথাটো উল্লেখযোগ্য। আহোম শাসন কালত বিভিন্ন বিষয়া আৰু প্ৰজাৰ মূৰত মৰা পাগুৰিয়ে পিন্ধোঁতাৰ সামাজিকক মৰ্য্যদা ঘোষণা কৰিছিল।আজিকালি ইয়াৰ প্ৰচলন কমিক গৈছে।ক বৃদ্ধসকলৰ কোনো কোনোৱেহে ইয়াক ব্যৱহাৰ কৰে। সত্ৰৰ গোঁসাইসকলে সভা – সমিতিত বচোঁতে বা ধৰ্মৰ কাম – কাজ কৰোঁতে মূৰত পাগ মাৰি লোৱা দেখা যায়। গোঁসাইসকলৰ ল’ৰাই বিয়াৰ সময়ত পৰম্পৰাগত পাগুৰি মৰা দেখা যায়। 9-10 সাহিত্য, সংস্কৃতিত ইয়াৰ প্ৰসংগ – ভাস্কৰ বৰ্মাই শিৰোবেষ্টন পিন্ধি কনৌজৰ মেলত যোগ দিয়াৰ বুৰঞ্জীত উল্লেখ আছে। ই সম্ভ্ৰৰ সূচক। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা স্ৱৰ্গদেউ ৰুদ্ৰসিংহই মোগলাই পাগুৰি পিন্ধা পুৰণি ছৱি দেখা গৈছে। ’ শংখচূড় বধ ’ কাবাত স্ৱৰ্গদেউ গদাধৰ সিংহই মূৰত শেন আৰ্হিৰ ফটৌ পাগুৰি পিন্ধি থকাৰ বৰ্ণনা আছে।			
		
		 
			
	
	
	
			
			
		
			
	 
 
	
	
	
				
		
				
					
			পাগ (turban) – পাগ শব্দৰ অভিধা অৰ্থ হল মুৰত পিন্ধিবৰ নিমিত্তে ঠকুৰাত মেৰিয়াই প্ৰণীয়াকৈ বন্ধা কাপোৰ। সহজ অৰ্থত ই হ’ল মূৰত পিন্ধা কাপোৰৰ আবৰণ বা শিৰোবেষ্টন। ঠকুৰা হ’ল পাগুৰি বন্ধাত ব্যৱহৃত এডোখৰ কাঠ। ধুন, অভিজাতা ৱা সম্ভ্ৰান্ততাৰ প্ৰতীকৰূপে পাগ বা মূৰত কাপোৰ মেৰোৱা প্ৰথা অসমত বহু পুৰণি। ঠকুৰা নোহোৱাকৈও পাগুৰি বন্ধা হয়। পাগৰ কাপোৰ সাধাৰণতে এক ডেৰহাত বহল আৰু ত্ৰিশহাতমান দীঘলক আছিল। কিছুমান পাগ চুটি কাপোৰেৰেও বন্ধা হৈছিল। চেলেং জাতীয় থলুৱাভাবে উৎপাদিত বস্ত্ৰ বিশেষৰ পাগুৰি বিখ্যাত। বগা কাপোৰৰ পাগৰ ৱিশেষভাৱে প্ৰচলন আছিল। অসমত পাগৰ বহুল প্ৰচলনৰ প্ৰমাণ ইয়াৰক স্থানীয় নামবোৰেই দিয়া। সেইবিলাক হ’ল – (ক) কুহুমীয়া পাগ : এইবিধ পাগ সুকনানী ওজাপালি পৰিৱেশন কৰোঁতে ওজাই পৰিধান কৰে। (খ) কোচা পাগ : কোঁচ বা ভাজ লগাই দেখনিয়াৰকৈ তৈয়াৰ কৰা পাগ। (গ) কোষাপতীয়া পাগ : এইবিধ পাগ ব্যাস বা বিয়াহৰ ওজাপালি পৰিবেশন কৰোঁতে ওজাই পৰিধান কৰে। (ঘ) খেকেৰুপতীয়া পাগ : এইবিধ পাগ গায়ন-বায়নে গান – বাদা পৰিবেশন কৰোঁতে পিন্ধে। (ঙ) ঘূৰণীয়া পাগ : এইবিধ পাগ গাঁৱৰ মেলুৱৈ সকলে পৰিধান কৰে। - 7 (চ) চেৰা পাগ : ই এবিধ ঘূৰণীয়াকৈ মৰা পাগ। ইয়াৰ ব্যৱহাৰ কিছুমান সত্ৰত দেখা যায়। (ছ) জোঙা পাগ : জোঙাকৈ পৰিধান কৰা বাবে ইয়াক জোঙা পাগ বোলা হয়। (জ) ডলামুৰীয়া পাগ : এইবিধ পাগো পায়ন-বায়নে গান-বাদ্য পৰিবেশন কৰোঁতে পিন্ধা দেখা যায়। (ঝ) থিয় পাগ : এইবিধ পাগৰ মাজভাগ জোঙা আৰু ওপৰলৈ থিয় হৈ থাকে। খেৰী ঘৰৰ ছাল সৰা বা তেনে কাম কৰোঁতে মূৰত আবর্জনা নপৰিবৰ কাৰণে এই পাগ পিন্ধা হয়। (ঞ) বৰ পাগ : ই মেলুৱৈ সকলৰ যিজন বৰ মূৰীয়া তেওঁ মূৰত ডাঙ ৰকৈ মৰা পাগ। (ট) ভাটৌ ঠুটীয়া পাগ : ইয়াৰ আকৃতি ভাটৌৰ ঠেটেঁৰ নৰে। ইয়াক ঝুমুৰা নাচত ব্যৱহাৰ কৰা হয়। (ঠ) ম’ৰা চালি পাগ : ম’ৰা চৰায়ে চালি ধৰি থাকোঁতে যেনে দেখি তেনেকুৱা পাগ। (ড) মথুৰা পাগ : ইয়াক ঘূৰণীয়াকৈ বন্ধা হয়। সত্ৰত ইয়াৰ প্ৰচলন দেখা যায়। (ঢ) মোগলাই পাগ : মোগল ডা-ডাঙ ৰীয়া সকলে মৰা পাগৰ আৰ্হিত পুৰণি কালত বিষয়াসকলে মৰা নেজাল পাগ। এইবিলাক পাগৰ উপৰিও আহোম যুগত জনপ্ৰিয় কেইটামান পাগ হ’ল – মূগাৰ পাগ, পাটৰ পাগ, উকা পাগ, চিকন পাগ, ফটৌ পাগ ইত্যাদি। মথুৰা পাগো আহোমসকলৰ মাজত বেচ জনপ্ৰিয় আছিল। পূৰ্বতে মধুৰাৰ পৰা অহা ভোজপুৰীয়া সকলৰ পাগৰ লগত মথুৰা পাগৰ সাদৃশ্য মন কৰিবলগীয়া। আহোম ৰাজত্ৱৰ কালচোৱাত ৰজাঘৰীয়া আৰু আন আন আচারস্ত লোকসকলে মুগা কাপোৰেৰে পাগুৰি মৰিছিল। ’পাগ ’ শব্দটো ’পাক ’ শব্দৰ পৰা ব্যুৎপন্ন হৈছে। ’পাক’ শব্দটো সংস্কৃত ভাষাৰ শব্দ। ইয়াৰ অৰ্থ ’বন্ধন’। - 8			
		
		 
					
						
			নামনি অসমত ইয়াক ’পাগ্ৰি ’ বা ’পাউগ্ৰি’ বুলি কোৱা হয়।			
		
		 
						
			
	
	
	
			
			
		
			
	 
 
	
	
	
				
		
				
					
			কেশ- বিন্যাসৰ সৌন্দৰ্য্য প্ৰদৰ্শন কৰিবলৈ অসমীয়া নাৰীয়ে শিৰবস্ত্ৰ বাৱহাৰ নকৰিছিল যদিও খোপা বান্ধোঁতে এক বিশেষ ধৰণৰ জাল ব্যৱহাৰ কৰিছিল। খোপা ডাঙৰ কৰি দেখুৱাৱলৈ আৰু সৌন্দৰ্য্য বঢ়াবলৈ ইয়াক পৰিধান কৰিছিল। এই জালবোৰ হাতেৰে গুঠি লোৱা হৈছিল আৰু কেতিয়াবা ইয়াত ৰঙ – বিৰঙৰ মণি লগাই ইয়াক আৰু বেছি জাকজমক কৰি তোলা হৈছিল। বৰ্ত্তমানেও এনে জালসদৃশ বস্ত্ৰৰ প্ৰচলন আছে। কিন্তু ইয়াক ঘৰত তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তা শেষ হৈ গৈছে। বজাৰত এই বস্ত্ৰ অতি সহজলভ্য হৈ পৰিছে।			
		
		 
		
	
	
	
			
			
		
			
	 
 
	
	
	
				
		
					
			ডিঙি আৰু গাত পিন্ধা আভৰণ – আনাকটা			
		
		 
				
					
			ই কোনো মাংগলিক অনুষ্ঠানত ব্যৱহাৰ হোৱা গামোচা ৱা চাদৰ সদৃশ বস্ত্ৰ। এইবিধ কাপোৰ ঘৰতে তাঁতশালত বোৱা হয় আৰু কোনো স্তৰতে ইয়াক কটাৰী, কেঁচি আদিৰে নকটাকৈ তাঁতৰ পৰা উলিয়াই অনা হয়। তাঁতশালত এই কাপোৰ এবাৰত মাত্ৰ এখনহে বব পাৰি। কাপোৰখন শালৰ পৰা উলিয়াই আনি দহিবোৰ নাকটি জালৰ দৰে গুঠি দিয়া হয়। ঔপভাষিক ৰূপ-ইয়াক নামনি অসমতক আনাকাটা বোলে। প্ৰবচন- কাজীয়ে কৰে দহিকতাৰে বাণি ; অকাজীয়ে কৰে ফুলৰো হানি। [ অপটু মানুহে কিৱা কৰিবলৈ গৈ কিবা কিবি নষ্টহে কৰে। ] সাংস্কৃতিক দিশ-অনাকটা সাধাৰণতে মাংগলিক কাম-কাজত ব্যৱহাৰ কৰা হয়। বিয়াৰ দিনা বা আগদিনা কুইনাই এই বস্ত্ৰ পৰিধান কৰি অধিবাসত বহে। দৰাইও অধিবাস আৰু শ্ৰাদ্ধ কৰোঁতে আৰু কলৰ গুৰিত নোৱাওঁতে এইবিধ বস্ত্ৰ গাত লব লাগে। দৰা-বৰণ, লগুণ পাঠি (লগ্ন গাঁঠি) দিওঁতেও এই বস্ত্ৰৰ ব্যৱহাৰ কৰা হয়। বিয়াৰ পিছত যাতিয়া কইনাক দৰাঘৰলৈ নি আদৰি ঘৰৰ ডিতৰত সুমুৱায়, তেতিয়াও সৰুমালাৰ তলৰ পৰা চোতালৰ বিতৰলৈ যাওঁতে কইনাই লগত অনা অনাকটা চাদৰ এখন পাৰিহে তাৰ ওপৰেদি খোজ কাঢ়ি যাব লাগে আৰু আন আন যাৱতীয় মাংগলিক কামথিনি কৰিব লাগে। 11 শিশুৰক অনন্নপ্ৰাসন, কাণ বিন্ধোৱা উৎসৱ আদিতো এইবিধ বস্ত্ৰৰ প্ৰয়োগ হয়।ক গৰ্ভৱতী মহিলাক পাঁচমাহত যেতিয়া পঞ্চামৃত থুৱায়, তেতিয়া অঞ্চলভেদে তেওঁক অনাকটা কাপোৰ পিন্ধায়। লোক বিশ্ৱাস- কাতি, পুহ, চ’ত মাহৰ মঙ্গল, শণি আৰু ৰবিবাৰে আৰু অমাবস্যা তিথিত ইয়াৰ বাটি নাকাঢ়ে আৰু কাপোৰো নবয়। লোক বিশ্ৱাস- কাতি, পুহ, চ’ত মাহৰ মঙ্গল, শণি আৰু ৰবিবাৰে আৰু অমাবস্যা তিথিত ইয়াৰ বাটি নাকাঢ়ে আৰু কাপোৰো নবয়।			
		
		 
		
	
	
	
			
			
		
			
	 
 
	
	
	
				
		
				
					
			ই অসমীয়া সম্ভ্ৰান্ত লোকে উৎসৱ অনুষ্ঠানত পৰিধান কৰা এখন বস্ত্ৰ। উত্তৰীয় বা পিচৌৰা বস্ত্ৰ সাধাৰণতে ডিঙিত পেলাই দুই বাহুৰ ওপৰেদি সমুখৰ ফালে ওলমাই ৰখা হয়।			
		
		 
		
	
	
	
			
			
		
			
	 
 
	
	
	
				
		
				
					
			ই তিৰোতা মানুহে বুকু ঢাকি পিন্ধা এক প্ৰকাৰ আভৰণ। ইয়াৰ উল্লেখ পুৰণি অসমীয়া সাহিত্যত আছে। হেমকোষত ইয়াৰ অৰ্থ দিয়া আছে – ‘মাইকী মানুহে পিন্ধা এৱিধ বুকুচকা চোলা (a bodice wom by women)।‘ কিচুমানে ইয়াক ব্লাইজৰ তলত পিন্ধা ‘বক্ষ-বন্ধনি‘ বুলি ভ্ৰম কৰে। আঁচলতে ই ব্লাইজৰ তলত পিন্ধা ৱস্ত্ৰ নহয়। কব পাৰি যে ব্লাউজৰ লগত কাঁচুলিৰ সাদৃশ্য় আছে। সম্ভ্ৰান্ত পৰিয়ালৰ তিৰোতা মানুহে বক্ষদেশ চাকি ৰাখিবৰ বাবে কাঁচুলি ব্যৱহাৰ কৰিছিল। আধুনিক যুগৰ মহিলা সকলে শৰীৰৰ মধ্যভাগত, বুকু আৰু পিঠি চাকি ৰখাকৈ এক প্ৰকাৰ চোলা সদৃশ বস্ত্ৰ পৰিধান কৰে। ইয়েই হল ব্লাউজ। ব্লাউজকই কাঁচুলিৰ আধুনিক ৰূপ বুলিব পৰি। কিছুমানে হাত থকা আৰু আন কিছুমানে হাত নথকা ব্লাউজ পৰিধান কৰে। ইয়াক বিভিন্ন আৰ্হিৰে চিলাই লোৱা দেখা যায়। শাৰী বা মেখেলা চাদৰৰ লগত মিলাই প্ৰায় একেৰক ৰঙৰ ব্লাউজ পিন্ধাটোকে অধিকাংশ মহিলাই পচন্দ কৰে। কাঁচুলি শব্দৰ মূল হল সংস্কৃত শব্দ ‘কঞ্চুলিকা‘।			
		
		 
					
							
			পুৰণি সাহিত্যত ইয়াৰ উল্লেখ আছে। ‘নসম্বৰে বস্ত্ৰ কতো কুচৰ কাঁচুলি, হালৈ কৃশ কংকাল, স্তনৰো বস্ত্ৰ লড়ৈ।‘			
		
		 
						
			
	
	
	
			
			
		
			
	 
 
	
	
	
				
		
				
					
			তিৰোতা মানুহে মেখেলা আৰু ব্লাউজৰ ওপৰেৰে গাত মেৰিয়াই লোৱা এখন এতৰপীয়া বস্ত্ৰ।মহিলাসকলে পৰিধান কৰা এই চাদৰৰ সোঁ আচলটো পিঠিৰ ফালে ওলমি থাকে। চাদৰৰ দীঘ আৰু প্ৰস্থৰ এক নিৰ্দ্দিষ্ট জোখ আছে। চাদৰখনৰ দুয়োমূৰে পাৰি থাকে আৰু কোনো কোনোৱে আঁচলত দহি বটিও লয়। মেখেলাৰ লগত চাদৰৰ ৰঙৰ সামঞ্জস্য ৰাখি ইয়াক পৰিধান কৰা হয়। সাধাৰণতে চাদৰ বুলিলে মেখেলাৰ লগত পিন্ধা এই ফুলাম কাপোৰখনকে বুজা যায় যদিও গাত লোৱা, পাৰি দিয়া বা দহি বটা অন্যান্য আভৰণকো চাদৰ শব্দই সামৰে। চাদৰৰক ব্য়ৱহাৰ আৰু নিৰ্মাণশৈলী অনুযায়ী ইয়াৰ বিভিন্ন নামকৰণ কৰা দেখা যায়। উদাহৰণ স্ৱৰূপে-খনীয়া, চেলেং, এৰীয়া, উকা আচুৰ পাৰি দিয়া, গুণাকটা, দৰিয়ালী, সোণ সূতাৰে চাব মৰা, বনকৰা, মুগা বুটাদিয়া, ফুলৰ আঁচুদিয়া চাদৰ আদি। অসমীয়া সমাজত পুৰুষে গাত চাদৰ লোৱাৰ প্ৰথা অতি পুৰণি। পুৰুষ সকলে লোৱা চাদৰৰ ভিন্নতা অনুসৰি ইয়াৰ পৰিধান প্ৰক্ৰিয়াও পৃথক। (ক) এৰী বা এৰীয়া চাদৰ – এই চাদৰ মতা মানুছে জাৰৰ পৰা হাত সাৰিবলৈ শৰীৰৰ ওপৰভাগত কুণ্ডলীকৃত কৰি মেৰিয়াই পৰিধান কৰে। তিৰোতামানুহেও জাৰৰ দিনত সৰু ফুলাম এৰীয়া চাদৰ গাত লয়। এই ধৰণৰ চাদৰৰ দীঘ-প্ৰস্থ সাধাৰণতে মেখেলাৰ লগত পিন্ধা চাদৰতকৈ বেলেগ। (খ) খনীয়া চাদৰ : খনীয়া এখন কপাহী একবস্ত্ৰ। এই চাদৰৰ সমুখৰ সোঁ আঁচলটো ঘুৰাই বাওঁ কান্ধত থোৱা হয় । কোনো কোনো ক্ষাত্ৰত আঁচল দুটা সমুখলৈ আনি কান্ধেৰে ওলমাই ৰখা হয়। (গ) চেলেং চাদৰ : চেলেং চাদৰ পাট সুতাৰ পৰা তৈয়াৰী একপ্ৰকাৰ বিশেষ বস্ত্ৰ। ৰূপালী পাত সূতাৰ পৰা এই কাপোৰ তৈয়াৰ কৰা হয়। এই কাপোৰখনৰ সোঁ আচলটো সমুখেৰে ঘূৰাই বাওঁ কান্ধত পেলাই খোৱা হয় অথবা গলধনেৰে আঁচল দুটা সমুখলৈ অনা হয়। যৎসামান্যভাৱে কান্ধ আৰু ডিঙিত লাগি পিছপিনেও চাদৰখনৰ এছোৱাই চৌ খেলি থাকে।			
		
		 
					
						
			1. আঁচলত জীউ বন্ধা : অতি আপোনজনৰ কোনোক কাৰণত অপায় অমংগল হব ভাৱি অতিশয় ভয় খোৱা। 2. আঁচলৰ ধন : কষ্টেৰে উপাৰ্জন কৰি গোপনে সাঁচিৰখা সামান্য সঞ্চয়। 14			
		
		 
						
					
			বিবাহিতা তিৰোতাই জ্যেষ্ঠজন বা বয়োজ্যেষ্ঠ পুৰুষৰ আগত ওলাওঁতে চাদৰৰ আঁচলৰে মূৰত ওৰণি লোৱাৰ প্ৰথা অসমত অতি পুৰণি। কইনাই চাদৰেৰে ওৰণি লোৱাটো অসমীয়া সমাজ ব্যৱস্থাৰ এক প্ৰচলিত ৰীতি। সাধাৰণতে এই ওৰণি মুখৰ সমুখ ডাগলৈকে টানি লোৱাৰ নিয়ম। পাট বা মুগাৰ মেখেলা চাদৰৰ আদৰ অসমীয়া সমাজত বহুল। মেখেলা-চাদৰ পিন্ধাটো অসমীয়া জাতীয়তাৰ চিনাকি বুলি গণ্য কৰা হয়। সূতা বা গুণাৰে ৱিভিন্ন চানেকিৰ ফুলতোলা পাট ৱা মুগাৰ মেখেলা-চাদৰৰ কাপোৰসাজে অসমীয়া নাৰীৰ ৰূপতো সুৱগা চৰায়। উৎসৱ অনুষ্ঠানত পুৰুষে লোৱা ৱৰকাপোৰ আৰু চেলেং চাদৰ অসমীয়া সংস্কৃতিৰ এক এৰাৱ নোৱাৰা অংগ।ক গুৰু-গোঁসাই নাইবা নামঘৰত সেৱা জনালে কান্ধত চাদৰ বা আন গলবস্ত্ৰ ধাৰণ কৰাটো অসমীয়া সংস্কৃতিৰ এক ৰীতি। আধুনিক সমাজ ব্যৱস্থাতক চেলেং চাদৰখন এক সাংস্কৃতিক সম্পদ ৰুপেই চিহ্নিত হোৱা দেখা গৈছে। গুণীজন অথবা সুধীজনকক সন্মান প্ৰদৰ্শন আৰু উপহাৰ প্ৰদানত চেলেং চাদৰৰ বহুল প্ৰয়োগ কৰা দেখা পায়। অসমীয়া ভাওনাত সূত্ৰধাৰ বা কৃষ্ণৰ প্ৰৱেশৰ সময়ত তেওঁলোকৰ সন্মুখত এখন চাদৰেৰে আঁৰ-কাপোৰ ধৰাৰ নিয়ম মন কৰিবলগীয়া। হোমৰ গুৰিলৈ কইনা উলিয়াই আনোঁতেও এখন চাদৰেৰে কইনাক দৰাই নেদেখাকৈ আবৰি অনাৰ নিয়ম অসমীয়া সমাজত গাছে। অসমৰ ঠাই বিশেষে ব‘হাগ বিহুত হুঁচৰি দলক ঘৰৰ চোতাললৈ আদৰি আনোঁতে মুনিহে গাতলোৱা চাদৰেৰে ঘৰৰ গৃহস্থই বাটচোৱা সাৰি অনাৰ নিয়ম প্ৰচলিত। সন্মানীয় লোকক বহিবলৈ চকি পাৰি দিয়াৰ সময়ত উপস্থিত তিৰোতা মানুহে -15 চাদৰৰ আঁচলেৰে চকিখন এবাৰ মচি দিয়া এটা পুৰণিকলীয়া ৰীতি। -15 লোকবিশ্ৱাস : গছৰ পৰা জলকীয়া ছিঙি চাদৰৰ আঁচলত বান্ধি আনিলে জলকীয়াৰ জাল কমে বুলি বিশ্ৱাস কৰা হয়।			
		
		 
			
	
	
	
			
			
		
			
	 
 
	
	
	
				
		
				
					
			ই আপৰদিনৰ আহোম সকলৰ পুৰুষে ৰাজহুৱা কাম কাজলৈ যাওঁতে শৰীৰৰ ওপৰ ভাগত পিন্ধা চোলা। চাপকণটো বুকুৰ ফালে খোলা এক প্ৰকাৰৰ হলৌ চোলা। বুকুৰ এটা ফাল আনটো ফালৰ লগত কাপোৰৰ ৰচিৰে বান্ধি বুকু আবৰা হয়। চাপকণ আঁঠুৰ গুৰিলৈকে দীঘকলকৈয়ো চিলাই পিন্ধাৰ প্ৰমাণ পোৱা যায়। লাচিত বৰফুকনে ব্যৱহাৰ কৰা চোলাটো চাপকণৰ এটা সুন্দৰ উদাহৰণ। সক্ৰীয়া সংস্কৃতিত চাপকণৰ ব্যাপক প্ৰচলন আছিল। সূত্ৰধাৰী, দশাৱতাৰ নৃত্য আদিত চাপকণৰ ব্যৱহাৰ হৈছিল। নামনিৰ ওজাপালি অনুষ্ঠানৰ ওজাই আৰু চুলীয়া-ভাৱৰীয়াৰ প্ৰধানজনে চাপকণৰ লেখীয়া পোচাক পিন্ধাৰ ৰীতি আছিল।