বিভিন্ন ধৰণৰ মাল্টিমিডিয়া যেনে লিখিত, শ্ৰাব্য, দৃশ্য-শ্ৰাব্য, ছবি আদিৰ ব্যবহাৰৰ জৰিয়তে এটা জালপঞ্জীত (Website) বিভিন্ন ভাষাত আৰু ভাষাবোৰৰ বিষয়ে জ্ঞান প্ৰসাৰৰ লক্ষ্য আগত ৰাখি ভাৰতবাণী নামৰ প্ৰকল্পটো আৰম্ভ কৰা হৈছে । এই প্ৰকল্পটোৱে সকলোকে সামৰি লোৱাৰ উপৰিও, ই হ’ব যথেষ্ট গতিশীল, ভাৱ বিনিময়মূলক আৰু পৰিমিতাচাৰী । বৰ্তমানৰ তথ্য প্ৰযুক্তি আৰু ডিজিটেল পৃথিবীত ভাৰতক এক মুক্ত জ্ঞান সমাজ হিচাপে গঢ়ি তোলাই হৈছে এই প্ৰকল্পৰ প্ৰধান লক্ষ্য।